পৃষ্ঠা:ঘোৰা নিদান.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

86


১০১। সিন্দুৰিয়া ৰাজপিৰা।

  লক্ষণ—গা মুখ ভৰি সবাতে ৰঙ্গা পৰি হয়ে।

 ঔষধ—১। পানি পোতনি, কঠয়া, ডোমঢকুয়াৰ ফুল, জাবেসেৰিৰ য়াগ, যখাৰ, সিন্দুৰ সবাকো বটি লিপি দিব।

 ২। লাউবাধাৰ চাল, পুৰণি শিলিখা, আমলখি, আমঠু, ছাগল তিতাৰ চাল, চালৰ গুদা সবাকো বটি লিপি দিব নাস।


১০২। শঙ্কৰ ব্যাধি।

 লক্ষণ—জদি ঘোৰাৰ গা উষসি থাকে তাকে শঙ্কৰ ব্যাধি বোলে।

 ঔষধ—ধুথুৰা পাত, খালোন দুইকো একত্ৰ কৰি বান্ধিব ও খুৱাব শঙ্কৰ ব্যাধি নাস।


১০৩। শলিলা ৰোগ।

 লক্ষণ—-ঘোৰাৰ চাৰিউ ভৰিৰ লোম গুচে খজুয়াই থাকে তাকে সলিলা ৰোগ বুলি।

 ঔষধ—জেতুকা পাত, কুহিয়াৰৰ ৰস, হালধি, কেচা সৰিয়হ তেলেৰে মিহ লাই সেই ঠাইত দিব তেবে নাশ।


১০৪। শিয়াল গলা।

 লক্ষণ—দুই গালফিঙ্কে তাকে শিয়াল গলা ব্যাধি বোলে।

 ঔষধ—দিঘলতিৰ দক্ষিণৰ চাল, শিয়াৰ চান্দা আলু, হালধী আলু, কঠাল গুটি তাকে বটি বঙ্গলা লোনেৰে খুৱাব, সিটাৰে টুপলি কৰি সেকিব আৰু গালত লেপি দিব শিয়াল গলা ব্যাধি নাস।


১০৫। সৰ্পৰ দাৰু।

 ঔষধ—নিলকণ্ঠ, কনিবিহ চাল গোট, অনাপাগতোলা চুন, কল্পনাথ তিতা, গুমুনি লতা আকে মুখৰ সেপেকে বটি দিব।