পৃষ্ঠা:ঘোৰা নিদান.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

84


৯৭। ৰহফুটা।

 লক্ষণ—গাত গুটী গুটীকৈ ওলো ৱা ঘা।
 ঔষধ—১। এভোলা তেল, এতোলা চূণ দুইকো তপতাই দিব ৰহফুটা গুচে।
 ২। সিয়া আতৰুপ আদপোৱা, জালুক এপোয়া লোন আদপোৱা, তেল দিব একত্ৰ কৰি সিজাব মাহোৰ লগ কৰি খুৱাব।
 ৩। পিঠাগুৰি এপোৱা, হালদি গুৰি আদপোৱা, আলান্ধু গুৰি আদপোৱা, গুৰ আদপোৱা সবাকে লগ কৰি খুয়াব।


৯৮। ৰাজপিৰা।

 লক্ষণ—(ঘুৰনিয়াকৈ চকল বান্ধি হোৱা ঘা)।
 ঔষধ—জতৰমালাৰ চাল, দেওকাদ্ৰাৰ আলু, পকা পান, দলৰ পাত ঠাৰা মিঠে দি বটি দিব নাস।


৯৯। অৱা ৰাজপিৰা।

 লক্ষণ—য়ৌখোলৰ ঠেনা গাৱে মুখে ভৰিয় হৱে।
 ঔষধ—বোনয়য়াৰ পাত চাল, বোনপুৰই, কুকুৰসুতা, সৰুবৰিয়াল, চাউল, ধোৱাৰ পাত, বনকপাহিৰ য়াগে পাতে সবাকে বটি লিপি দিবো খুয়াব নাস।


১০০। কাচোৱা ৰাজপিৰা।

 লক্ষণ—কাচোৱা ব্যাধিৰ দৰে সকলো গাএ ভৰিএ হয়ে।
 ঔষধ—চনাকচু বগা, কলাখাৰ, খহখহিয়া লতাৰ পাত, কদমৰ পকা পাত সবাকে বটি লিপি দিব নাস।