পৃষ্ঠা:ঘোৰা নিদান.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

78



৮৭। ভোক নলগা।

 ঔষধ—বনশথ পুৰ চাই এতোলা লব সুয়গা জুইত ফুলাই এমহা লব হালধি এতোলা তিনিকো একত্ৰ কৰি মাহৰ বা ধানৰ লগত খুয়াব।


৮৮। মৰকুচিয়া ব্যাধি।

 ঔষধ—দালিমৰ ৰঘুমলা, মৰঙ্গ আদা, কুকুৰাৰ আল, ৰঘুনাথ বিহ, গন্ধকলাই কুয়ঙ্গৰ দাত, শাখিনী সাপৰ হাৰ, ৰহনা গাচৰ চাল, প্ৰথম গৰ্ভ হোৱা ডুমুনীৰ কুন্তল সবাকে তামৰ মাদলিতকৈ আৰি দিব, মৰকুচিয়াদি সমস্ত ব্যাধি গুচে। আগে মাকক দিব পাচে চানাক দিব।


৮৯। মৰিশ্ৰ।

 লক্ষণ–ঘোৰাৰ গাত খহু হলে চাল জাই খজুয়াই তাকে মৰিশ্ৰ ৰোগ বোলে।
 ঔষধ—আফু আদসেৰ চৰুত বহাই উপৰে সাফৰ মাৰি পুৰি তাৰ চাই এতোলা লব চাল জআত দিব উপৰে বোকা লিপি দিব পাচে শুখালে ধুব এইৰূপে তিনদিন দিব তবে গুচে।


৯০। মামৰসি বা মামৰহি।

 লক্ষণ—গাৰ চাল জাই লোম বৰ্জ্জিত হই ঘসিলে ধুলা উৰাই কণ্ডূতি কৰে ঘোৰা মামৰসি বোলে।
 ঔষধ—১। ঘোৰালেজিয়াৰ খাৰ, পাতিদৈয়াৰ খাৰ, পাঁচোটা তেলপেৰা খোমাৰ খাৰ, কেচা খলিহৈ সবাকে একত্ৰে মাৰি ধুয়াইলে এতেকে ঘোৰাৰ মামৰসি নাস।