পৃষ্ঠা:ঘোৰা নিদান.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

76


 ঔষধ—ঘিউ ছটকাক এশবাৰ ধোবা সিন্দুৰ লাউৰ শুখুনা বুকুৰ চাল লাউৰ ফুল সবাকো বটি খুয়াব নাস।


৮৪। মইনা ভোকোলা।

 ঔষধ—বোনফোফৰ য়াগ, জাবেসেৰি, গুনলতাৰ য়াগ, গুৰি কঠালৰ মিনু, কুকুৰাৰ ডিমা সবাকে বটি খুৱাব নাস।

৮৫। সুখনা ভোকোলা।

 লক্ষণ—গা সুখাই কাহে।
 ঔষধ-কান্নৰ পাত জুইত দিব বোন নহৰু পুৰিব জেঙ্গতিয়হৰ য়াগ, আহৰুয়া চম্পাৰ য়াগ দুইকো জুই দি সবাকে লোন দি খুয়াব নাস।


৮৬। হিহিনিয়া ভোকোলা।

 ঔষধ — ১। তেজমায়া, বনজৰা, শিলিখা, অমৰা চাল গোট, চান্দো-ভাদো পাচ তোলা, যখাৰ ভিতেৰি খুৱালে নাস। তাৰপাচে ওদালৰ দক্ষিণৰ চাল সিপা খুন্দি গাত ভৰণ দিব।
 ২। লাইৰ গোট, পটাৰ গোট, কলা কচুৰ মুৰা, ভোট জালুক সবাকে বটি খুয়াব নাস।
 ৩। তেজমায়াৰ চাল, ভোট জালুক, জাবৰা, লাই গুটি, পটাৰ গোট, গৰু ধুয়া বাঙ্গনা, চেঙ্গামোৰ, কঠালৰ মুচি, সলা, ধনিয়া, চোৰনি, কালজীৰা, নহৰু, পিয়াজ সবাকে বেলেগাই থব কিছু কিছু কৰি লোন দি লিখা ক্ৰমে এটা এটাকৈ খুয়াব হিহেনিয়া ভোকোলা নাস।