পৃষ্ঠা:ঘোৰা নিদান.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

74


৭৯। ঠৰিহা বা হা ভোকোলা।

 

 লক্ষণ—মুখ ঠৰিহা দেই ঘাস পানি নাখাই।

 ঔষধ—১। আগৰাৰ সিপা, মজ গাচৰ চাল, আলান্ধু, তামাখুৰ পত, যখাৰ সবাকে বটি খুৱালে নাস।

 ২। জালুকতি, জাবৰঙ্গি, তেজমায়, নাঙ্গলভাঙ্গা, গুনৰাজ, য়োলপেটা, পিয়াজ সবাকো খুৱাব; আৰু

 ৩। গোবৰ সুঠা, পুৰৈ ঠাৰি এই দুইৰো চাই ঘুনৰ গুৰি এই সবাকো গাত ঘসিব নাস।

৮০। ডিঙ্গৰিয়া ভোকোলা।

 লক্ষণ—পেট ফিকে চাল টানি ধৰে।

 ঔষধ—মৰান আদা, হালধি, কাজলগৌৰি, আম আদা সবাকো বটি খুৱাব না।

৮১। ঢাকা ভোকোলা।

 লক্ষণ–পেট ফিকে ঘাস পানি নাখাই।

 ঔষধ—নাঙ্গল ভাঙ্গা, তেজমায়া, বোনজৰা, গুনৰাজ, চেঙ্গমৰা, জাবৰাঙ্গ, নহৰু, পিয়াজ সবাকে বটি খুৱাব নাস।

৮২। দুদ ভোকোলা।

 লক্ষণ—চানা নিপিয়ে মুখত তাপ।

 ঔষধ—অ মৰাৰ গুটি চুলি ঘুমৰুৰ আগ দুইৰ চাই বটি খুয়াব নাস।

৮৩। বাৰনিয়া বা পোৰনিয়া ভোকোলা।

 লক্ষণ—জিহ্বাত গোট গোট কৈ য়োলাই ৰস নাই জিহ্বা আগ পোৰে।