পৃষ্ঠা:ঘোৰা নিদান.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

72


 ৩। ঘোৰাৰ ফান্দ দুগছ আনি পাব চাবনি ঘহি বাহন কৰি জুই সুমাই দিব এবেগেত ওলোৱা গুচে।

 ৪। বাহি চাই ঘোৰাৰ মুত্ৰ আনি তপতাব হাতত দি চাব পানি হেন হলে তাক বান্ধিব তেবে ৰোগ গুচে।


৭৫। ঘোৰা ভোকোলা।

 ঔষধ—মৰাণ আদা, কঠণ্ডাৰ চাল, অগৰাৰ সিপা, নিলকণ্ঠ তিতা, চান্দো তিতা, জাবেসেৰি সবাকো বটি খুৱাব নাস।

৭৬। গৰিয়া ভোকোলা।

 লক্ষণ—দাতচোবাই মুখত ফেন ধৰে।

 ঔষধ—নহৰু, পিয়াজ, নিলকণ্ঠ, হৰিশঙ্কৰ সবাকো বটি গৰৈ মাছৰ পেটত সুমুৱাই পুৰি কটা বাচি লোন সানি খুৱাব নাস।

৭৭। চৌৰাঙ্গি ভোকোলা।

 ঔষধ—ভেদাইলতাৰ আগ, নৰসিঙ্গ, দুই মানিমুনি, ঘুমৰু য়াগ, চেঙ্গামোৰ, ভোট জালুক লোন দি খুৱালে নাস।

৭৮। জিমা ভোকোলা।

 লক্ষণ—জুমাদি থাকে পানি ঘাস নাখাই।

 ঔষধ—হৰিশঙ্কৰৰ চলি, পকা পান, ডোমঢউকাৰ গাঠি সবাকো বটি খুৱালে নাস।