পৃষ্ঠা:ঘোৰা নিদান.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

70


৭১। ব্যাধি।

 ঔষধ—সোন্দা পয়ৰা, খাজুৰি, মোটৰ মাস, বনমালাৰ সিফা, তেজমায়াৰ সিপা সবাকে বটি খুৱালে ব্যাধি নাস।

৭২। ভোকোলা বা ভেকোলা।

 ঔষধ—১। জালুকতি পাত, মৰঙ্গি আদা, শিমলু-কটা ৩ টা,মন্দাৰ ৩ টা, জাবৰাঙ্গ, ভোট জালুক, খহুৱা ভেকুলিৰ চাই সবাকো লোন দি বটি খুৱাব ভোকোলা নাস।

 ২। ঘুমৰুৰ আগ, তেজমায়ৰ চাল, চনাহোৰ পেটা, ভোট জালুক, কলা বাকলি পুৰি চাই সবাকো খুৱাব নাস।

৭৩। কাকুয়া ভেকোলা।

 ঔষধ—১। জাবৰাঙ্গ, তেজমায়াৰ চাল, নহৰু, পিয়াজ সবাকো বটি খুৱাব নাস।

 ২। কলা বাকলিৰ চাই, নাৰিকলৰ ঠাকনিৰ চাই, কঠাল ডিলাৰ চাই, ভলুকা বাহৰ ঢকুৱা পোৰা চাই, খহুৱা ভেকেলিৰ চাই সবাকো খুৱাব নাস।

৭৪। কুয়া ভোকোলা।

 লক্ষণ—মুখত ঘাহ গন্ধাই।

 ঔষধ—১। অৰ্জ্জুনৰ চাল, ঔৰ মৰা চাল, আহতৰ মৰা চাল, চিনাজোক, কনোৱাৰ হাৰ, মৰা মকৰা, জালুক সাতোটা সবাকো গুৰি কৰি চৰুত তেল বহাই তাতে মাৰি দুবৰিৰ আগে দি মুখত দিব ভিতৰৰ সবাকে খুৱাব নাস।


 ২। গাগিনিৰ বাহ সাতোটা অনিব আঠোটা জালুক তিনিকো (দুইকো) বটি খুৱাব তবে গুচে।