পৃষ্ঠা:ঘোৰা নিদান.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

68


৬৬। জুতি বাত।

 লক্ষণ—পুৱা হলে খোৰাই দুপৰিয়া হলে পাতলি থাকে তাকে জুটি বাত বোলে।

 ঔষধ—তেজমায়াৰ শিপা, নাঙ্গলভাঙ্গাৰ সিপা, ইহৰমুলৰ সিপা, বেতগাজ, ভোট জালুক সবাকে বটি বঙ্গলা লোনেৰে খুৱালে জুটি বাত নাস।

৬৭। ভৰিৰ বাত।

 ঔষধ—ধুতুৰাৰ ৰস আদপোৱা, আকন পাতৰ ৰস আদপোৱা, পচতিয়াৰ ৰস আদপোৱা, আমহি এতোলা, এৰাতৈল আদসেৰ, সবাকো একত্ৰ কৰি ঘোৰাৰ গাৱত ঘহিব বতাহ নলগাব মাহৰ লগত খুৱাব ভৰি-বাত গুচে।

৬৮। বাত ব্যাধি(সমস্ত)।

 ঔষধ—১। বৰ্হি লতাৰ কোমল পাত, শিঙ্গেৰি কটা হিঙ্গ সহিতে বটি নৰ্ন্নি ছিয়া দি লিপি দিলে সমস্ত বাত গুচে।

  ২। গোলমৰিচ দুতোলা, গুণৰাজ তিন তোলা, কলা লোন এতোলা খুৱাব নাস।

৬৯। বিষালি।

 লক্ষণ—বিষালি হলে ঘোৰাটো সুখাই জাই ঘাস পানি নাখাই।

 ঔষধ—জত বাখৰ আচে মানে আনিব ভেদাই লতাৰ সিপা সবাকো বটি খুৱাব নাস।

৭০। বেথক ৰোগ।

 লক্ষণ—খুৰাৰ উপৰে মেৰুণ্ড হেন হই উসহে তাকে বেথক ৰোগ বলে।

 ঔষধ—মাটি মাহৰ গুৰি পানি মিহলাই পিঠা হেন কৰি তপতাই ধুথুৰা পাতত ৰান্ধিব তবে ভাল হয়।