পৃষ্ঠা:ঘোৰা নিদান.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

66


৬২। ফান্দনিয়া ব্যাধি।

 লক্ষণ—বিচি ওলমি জাই তাকে ফানিয়া ব্যাধি বলে।
 ঔষধ—সঙ্গলা ৰঘুমলাৰ আগ সিন্দুৰিয়া বৰলৰ বাহা পুৰি ছেনাবাখৰ দুইকো বটিব শামুকৰ পানি দি লিপি দিব ফান্দনিয়া ব্যাধি নাস।

৬৩। বৰ ৰোগ।

 লক্ষণ–ঘোৰাৰ গাত ডিমৰু হেন হই ঘা লাগে তাক বৰ ৰোগ বোলে।

 ঔষধ—ছুসনা খাৰ এতোলা, হিঙ্গুল এতোলা, খৈৰ এতোলা, সুয়গা এতোলা, আদাৰ ৰসত বটি জালুক প্ৰমাণ বৰি বাটিব গধুলি পুৱা একো বৰি খুৱাব তেবে নাস।


৬৪। চৌৰাঙ্গি বাত।

 লক্ষণ—চাৰি ভৰি খোৰাই চৌৰাঙ্গি বাত বোলে।

 ঔষধ—ঘোৰা টাঙ্গনৰ দৰবেই দৰব সেই সেকে সেক।

৬৫। জিঞ্জিনিয়া বাত।

 লক্ষণ—ঠেঙ্গৰ গাণ্ঠি ফিকে খোঁজ চোচোৰাই তিনি খোজ মানক লগি।

 ঔষধ—১। জালুকতিৰ ঠা, গোন্ধবিৰিনাৰ পাতে ঠাৰে, হাৰঘুনুচা, গুটিমালিৰ ফুলৰ শিপা সবাকে বাটি খুৱাব।

 ২। বাজে লিপা দাৰু—কপাহৰ গোট, পচা কলৰ মধা, তুস তিনিকো গঠিত বান্ধিব নাস।

 ৩। জত বাখৰ আছে মানে সবাকো লব আৰু কলাখাৰ মাহডালি সহিতে ৰান্ধি খুৱাব নাস।