পৃষ্ঠা:ঘোৰা নিদান.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

64

৫৮। পানিলেঙ্গ।

 লক্ষণ—নাকে মুখে পানি ওলাই তাকে পানিলেঙ্গ বোলে।

 ঔষধ—তেজমুইৰ সিপা, নাঙ্গলভাঙ্গাৰ সিপা, পুনিৰ গাঠি তিনিকো বটি খুৱালে পানিলেঙ্গ নাস।

৫৯। পিঠিৰ ঘা।

 ঔষধ—১। ঘোৰাৰ পিঠিত ঘা লাগে যদি ঘৃত লিপি দিব তেবে ভাল

 ২। কেচু পুৰি চাই কৰি দিব ঘা শুকাই।

৬০। পেট কামোৰণি।

 লক্ষণ—ঘোৰাৰ পেট কামেৰণি হলে মাটিত পৰি বগৰা-বগৰি কৰে নেজ কেৰ-মেৰ কৰে পেট উসহে।

 ঔষধ—১। আজনি আদ পোৱা, পোন চাৰি টকা, জালুক ২ তোলা, পিঠাগুৰি এসেৰ লাৰু বান্ধি খুৱাবতেবে নাস।

 ২। পেতে মাতে আৰু কামোৰে যদি জাবেসেৰি, বৰুণৰ ছাল, হাথি পিপলিৰ ছাল সবাকে বটি খুৱালে পেটৰ মাত কামোৰ গুচে।

 ৩। আদা আদ পোৱা, জালুক আদ পোৱা, লোন আদ পোৰা, মানিমুনি আদ পোৱা, ধুতুৰা গুটিৰ এটকা গুৰি লব সবাকো বটি খুৱাব পেটকামোৰণি গুচে।

৬১। পোক মৰা ঘা শুকুৱা।

 ঔষধ—মছুৰ মাহ ডেৱাই গুৰি কৰি ঘাত দিব তেবে ঘা শুকাই।