পৃষ্ঠা:ঘোৰা নিদান.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

62


 ঔষধ—১। মৌসৰালিৰ আগ, ভাঙ্গৰ আগ পাতত দি বঙ্গলা লোনেৰে খুৱালে ধুপুনি ব্যাধি নাস।

 ২। লাইগুটি বটি পানি মিহলাই মুৰৰ পৰা গা তিয়াব আখানি পানিত ধুৱাব ধুপুনি ব্যাধি নাস।

৫৪। নাকতোৰ ব্যাধি।

 লক্ষণ—ঘোৰা ঘোৰঘোৰাই মুৰ ডাঙ্গি ফুৰে তাকে নাকতোৰ ব্যাধি বোলে।

 ঔষধ—আমচোকোৰা, হাইঠাৰ বাকল, নাকডেওনাৰ চাল সবাকে একত্ৰ কৰি কাপৰ বান্ধি নাকত দিলে নাকতোৰ ব্যাধি নাস।


৫৫। নিততি পাও মঙ্গলি।

 লক্ষণ—চাৰি ভৰি চোচোৰাই তত নোহোৱা হই।

 ঔষধ—তামাখুৰ সিপা পাত, মিচামাছ, পানিপৰুৱা, বাটৰ চাউল সবাকে বটি গাত ঘসিব নাস।

৫৬। পথশ্ৰম।

 ঔষধ—পৃয়ঙ্গুষ্টিৰ মুল, ঘৃত, চেনি একত্ৰ কৰি খুৱালে পথশ্ৰম নাস।

৫৭। পদ্মনলা।

 লক্ষণ—জিউদাৰিয়েদি তেজ বই তাকে পদ্মনলা বলে।

 ঔষধ—আঠিয়া কলৰ বাকলি, পদুমৰ চকা, কঠালৰ ডিলা তিনিকো বটি তেলেৰে লেপি দিলে পদ্মনলা নাস।