পৃষ্ঠা:ঘোৰা নিদান.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

64


৩৬। দালিমা জহৰবাত।

 লক্ষণ—ভৰি হাত আচাৰে গা ঘামে হামিয়ায়ৈ ঘাহ পানী নাখাই আকে দালিমা জহৰবাত বোলে।

 ঔষধ—দালিমৰ পাত, জেটুকা, বগা ফুটুকি, কাজলগৌৰী, হালধি সবাকো বটি খুৱাব নাস।

৩৭। পানিয়া জহৰবাত।

 লক্ষণ—পৰে উঠে মুখে পানী আহে আকে পানিয়া জহৰবাত বোলে।

 ঔষধ—সৰু মানিমুনি, বৰ মানি-মুনি, জাদেসেৰি, নৰসিঙ্ঘৰ আগ, ভেদাইলতা, ভোট জালুক, আগৰাৰ সিপা সবাকে বটি লোন সানি খুৱাব নাস।

৩৮। সিৰা জহৰবাত।

 লক্ষণ—গাৱ নচলে ফোপাই ভৰি হাত ঠৰিহা দেই লেজ পাতলে ছাটি মাৰে তাকে সিৰা জহৰবাত বোলে।

 ঔষধ—পকা পান, আদা, ভেদাই লতাৰ আগ, ডোমঢকুৱাৰ গাঠি পাচোটা ইয়াকে বটি খুৱাব নাস।

৩৯। হিহিনিয়া জহৰবাত।

 লক্ষণ—গাৱ কপে মুৰে টুপিনায়ে হিহনি কৰে তাকে হিহনিয়া জহৰবাত বোলে।

 ঔষধ—১। হৰিশঙ্কৰৰ চাল, নিলকণ্ঠ, আৰকচান্দ, তেজমায়া, ভোট জালুক ইয়াকে বটি খুৱাব নাস।

 ২। তাৰতাগ, কাকত পাত, চুলিমৰা মকৰা, ভোট জালুক, গঙ্গাটোপ, বামিৰ মুৰা, চুঙ্গা বাদুলিৰ তেজ, দুয়ো নাকে ধোৱাব নাস।

৪০। জক্ষ্মা।

 লক্ষণ—ঘোৰাৰ যি ঠাইত মাংস বাঢ়ে তেজ বহি থাকে তাকে জক্ষ্মা ৰোগ বোলে।