পৃষ্ঠা:ঘোৰা নিদান.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

52


৩১। অণ্ড জহৰবাত।

 লক্ষণ-ডাউৰি ফুৰে চেঁচাই গা ঘামি জাই আকে অণ্ডজহৰবাত বোলে।

 ঔষধ—দেওতৰাৰ আলু, বতা গজালি, নলৰ গজালি, তৰাৰ গজালি, মাকৰি ঘিলাৰ সাহ, হাইঠাৰ বাকলি আকে বটি খুৱালে ব্যাধি নাস।


৩২। উভতি ভোঁহ জহৰবাত।

 লক্ষণ–পেট ফিকি ওফব্দি ধৰে, দাত চোবাই, মুখে কোমোৰাৰ ফেন ওলাই। তাকে উভতি ভোহ জহৰবাত বোলে।

 ঔষধ—চালৰ গুদা, পুৰণি আমঠু, পুৰণি সুকুতা, নিমুতিতা, পচতিয়াৰ পাত, তিনি পিঠি মইনাগিৰি ধানৰ চাউল সবাকে সুখুয়াই গুৰা কৰি খুৱাব নাস।


৩৩। খোৰা জহৰবাত।

 লক্ষণ—খোৰা অহৰবাত হলে খোৰা একঠেঙ্গ তিনঠেঙ্গ পাৰে।

 ঔষধ—বিহলঙ্গি, আগৰা, কলাক্ষাৰ, ভোট জালুকৰ গুৰি, কঠালৰ আলু, চেঙ্গামোৰ সবাকে বটি খুৱালে নাস।

৩৪। চোৰাঙ্গি জহৰবাত।

 লক্ষণ—চাৰি ঠেঙ্গ নাপাৰে ঠৰ হই থাকে।

 ঔষধ—কলাই বাখৰ, তেজময়াৰ ছাল, মৰান আদা, ভোটবাঙ্গানা, বাহকা ঠাৰিৰ চাই সবাকো গাত ঘসিব নাস।

৩৫। জমা জহৰবাত।

 ঔষধ—খেপৌ তিতা, চান্দো তিতা, ভাদো তিতা, ইহৰ মুল নওটা বাখৰ দি ৰান্ধি খুৱাব নাস।