পৃষ্ঠা:ঘোৰা নিদান.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

46

২৭। চালুকা।

লক্ষণ⸺ঘোৰা কাহিৰ ঘামপানি নাকে বয় তাকে চালুকা ব্যাধি বোলে।

ঔষধ⸺মোৱা আলুৰ পাত, নেচকুৰিৰ আগ, মৌশৰালিৰ আগ, ভাঙ্গৰ আগ সবাকো পাতত দি বঙ্গলা লোনেৰে খুৱাব। চালুকা ব্যাধি নাস।

অথবা।

 ৰামকল ৭টা, আমলখি ৭টা, বনজৰাৰ সিপা তিনিকো বটি বঙ্গলা লোনেৰে খুৱাব তথা নাস।

২৮। চিকন বা গাৱণ্ড হোৱা৷

১। আজনি এক টেকেলি আনি ঘোৰাৰ আগত পুতিব। মুখ চাৰি আঙ্গুল ওলায় থাকিব একপখ পানি চুব নিতে, পুৱা একোমুথি কৰি খুৱাব নিতে তেবে ঘোৰা চিকন হই।

২। তেল একপোৱা, বৰবেঙ্গেনা এসেৰ মাহৰ লগত খুৱাব চিকন হই।

৩। বাচনি তিতা, বেতগাজ ৩টা পুৰিব, তেজমুইৰ সিপা, নাঙ্গল ভাঙ্গাৰ মূল, গোৰখচৈৰ সিপা, বৰউলুৰ সিপা, চিচিৰিঙ্গাৰ সিপা, বনজৰাৰ সিপা, ভুইকোমোৰাৰ আলু, গুনৰাজ, নহৰু, বননহৰু, পিয়াজ, কালজিৰা, ভোগজনী, সৌলা, ধনিয়া, ঘোৰাজনী, গুৱামৌৰী, চোৰলি, জাবৰঙ্গ এমুঠা সবাকে বটি ধান্য-মাস সমে হাৰিত ভৰাই উহাব পাছে দুপৰিয়া পুৱা গধুলা তিনি ৰোজকৈ লোনেৰে সানি খুৱাব ঘোৰা চিকন হই।

৪। সকল বাখৰক একগুছি পকা পানেৰে জন্য কৰি খুৱাব ঘোৰা চিকন হই।