পৃষ্ঠা:ঘোৰা নিদান.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

44


২৩। ঘোৰাবাক।

 লক্ষণ—ঘোৰাবাকে পালে টলবলকৈ মুৰ ডাঙ্গি ফুৰে। তাৰে ঔষধ⸺

 দৰব—কুলাবৰিৰ মুল, মাচপোৰাৰ মুল, গৰৈ মাছৰ মুৰ, শিঙ্গৰি এটা, গান্ধকলাই, গাঠিয়ন এৰিৰ চোকোৰাতকৈ ডিঙ্গিত আৰি দিব, দিলে ছিদ্ৰ নাস।

২৪। ঘোৰাশলখা।

 লক্ষণ—লাল বই, সেহাই, টলবল কৰি ফুৰে।

 ঔষধ—মুগা গাছৰ খুটি, নাগজাঠি শিলাত পিসি খুয়াব ঘোৰাশলখা নাস।


২৫। চকু কণা।

 চকু কণা হই জদি তাৰ দাৰু —

 ঔষধ৷ —১ সৈন্ধব লোন, ছাঙ্গেৰি, গাঠিয়ন, জাইফল বটি ধুলা কৰি খুয়াইলে আৰু চকুত দিলে কণা গুচে।

 ২। লাইগুটি, চুলিমৰা মকৰা, ভোট জালুক সবাকে ডেৱাই নলৰ চুঙ্গাত ভৰি চকুত ফুঙ্কি দিব কণা গুচে।


২৬। চকুৰাজ।

 লক্ষণ—ঘোৰাৰ চকুৰাজ হলে চঙ্কি থাকে ঘাহ পানি নাখাই।

 ঔষধ—নগাপান নপাত, পিপলী নটা, এদিন অন্তৰে পুৱা পুৱা খুৱাব কিছু তপত পানি খুৱাব তেবে ঘোৰা ভাল হই।