পৃষ্ঠা:ঘোৰা নিদান.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

42

 ৩। দালিমৰ চাল, ত্ৰিফলা, ত্ৰিকটু, সমভাগে গুৰি কৰিব পুৰনি গুৰ মিহলাই এক পিণ্ড কৰি খুৱাব।

২১। ঘোৰ ঘোৰনি ব্যাধি।

 লক্ষণ—আগ দপনাত মুখ পৰে আকৌ ঘুৰে আকৌ ঘুৰে তাকে ঘোৰা ঘোৰনি ব্যাধি বোলে। তস্য ঔষধ —

 দৰব—১। জতৰৰ চকৰি এক ডোখৰি, নেঠাপাকৰি এড়োখৰি, তেলশালৰ লাৰনি, কুহিয়াৰ শালৰ পাৰি, উঘা লতাইৰ পাৰোৱা বাহৰ আগ সবাকে একত্ৰে নলৰ চুঙ্গাতকৈ ডিঙ্গিত আৰি দিব ঘুৰনি ব্যাধি নাস।

 ২। মালভোগ কলৰ পচলা পুৰি খুৱাব মুৰত ভৰন দিব।




২২। ঘোৰা টাঙ্গন ব্যাধি।

 লক্ষণ—এক ভৰি থোৰাই জদি তাকে ঘোৰা টাঙ্গন ব্যাধি বোলে।

 দৰব—তিনটা বেত গজালি পুৰিব, তেজমুইৰ সিফা, দোম চোৰথৰ সিফা, ভোটজালুক তিনিকো একত্ৰ কৰি বঙ্গল লোনেৰে খুয়াৰ ঘোৰ টাঙ্গন ব্যাধি নাস। অথবা লাইন, নাঙ্গল ভঙ্গাৰ সিপা, তেজমুইৰ সিপা, গুনৰাজ, হাগাদেণ্ডেৰাৰ গু, উইৰ মাটি সবাকে একত্ৰ কৰি খুন্দি টেকেলিত ভৰাব। গুনৰাজ, কুৱাভাটুৰি, বাতৰাজ তিনিকো খুন্দি টুপলিকৈ টেকেলি মুখত দি তপতাই সেক দিব ঘোৰা টাঙ্গন ব্যাধি নাস।