সমললৈ যাওক

পৃষ্ঠা:ঘোৰা নিদান.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

40


 ২। কাতি মহিয়া কলাক্ষাৰৰ খাৰনি, বচ, বৰাহক, জলকিয়া, মৰান আদা, বনশথৰ সিপা, নিলকণ্ঠ, লোন সবাকে বট ঘোৰাক খুৱাব গৰ্ভহাৰা নাস।

১৭। গাত ঘা।

 ঘোৰাৰ গাত ঘা লাগে জদি ফুৰদৰ পাত আনি চাই কৰি ঘোৰাৰ গাৱত দিব।

১৮। গোচাকা।

 লক্ষণ —গোচাকা হলে জিহ্‌বাৰ তলত হৱে চালৰ ভিতৰে বৰি জেন হয়।
 ঔষধ—১। লোনেৰে টুপলি কৰি সেৱ।
 ২। লো তপতাই পুৰিব তবে গুচে।


১৯। গোবৰুৱা হাগনি।

  দৰব—তিয়হজালি ফুলৰ আলু, বৰাহুদি, কঠণ্ডাৰ চাল, অৰ্জ্জুনৰ চাল, সোন কাঞ্চি ফুলৰ মূল সবাৰে ৰস লই বাহৰ চুঙ্গাত ভৰাই পুৰি খুয়াব গোবৰুৱা হাগনি নাস।

২০। গ্ৰহনি।

 ঘোৰাৰ গ্ৰহনি হলে তাৰ ঔষধ—
 ১। বাহক তিতা, নিলকণ্ঠ, ভেসৰি গুটিৰ গুৰি, শিঙ্গৰি, মৌসৰালি সবাকে বটি খুৱাব পেটৰ বিষ গ্ৰহনি গুচে।
 ২। বেলশুথ, মুথা, শতমূল, মালতি ফুলৰ মূল সবাকো একত্ৰ কৰি বটি খুৱাব।