পৃষ্ঠা:ঘোৰা নিদান.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

38


১৩

 লক্ষণ—গাত চকাচকি দেই বাহা ফিকি সোথ নামে পানীচোৱা দুৱাৰ ফিকি হালধিয়া পানী টোপে টোপে বয়ে তাক গগলা ব্যাধি বোলে, তাৰে দাৰু –

 চনাকচুৰ বগা, কলাখাৰ, কোমোৰা-ঠাৰিৰ চাই, পলুমেলা থোকৰ পোৰা চাই সবাকো কল গাচৰ পানী দি মিহলাই বাজে লিপি দিব ভিতৰি কিছু খুৱাব নাস।


১৪। গৰ্ভৰোগ নাস (সমস্ত)।

 ১। কুকুৰাকনি ৩টা, শুখান মগুমাহ পাচ টকা ইয়াকে বটি খুয়াব সমস্ত ৰোগ ব্যাধি নাস।
 ২। জগন্নাথ তিতাৰ গুটি আদ পোৱা, লোন এতোলা, হালধি গুৰি দুতোলা, লাই গুটিৰ গুৰ আদ পোৱা সবাকো মিহলাই ধান মাহৰ লগত খুব গৰ্ভৰোগ আশু নাস হয়।

১৫। গৰ্ভনষ্ট নোহোৱা।

 মকৰজালত বজা জন্তুক জালে সহিতে মালভোগ কলাত ভৰাই খুৱালে এতেকে গৰ্ভ নষ্ট নোহে।

১৬। গৰ্ভহাৰা।

 লক্ষণ–পেট মাতি খলখলায় তাকে গৰ্ভহাৰা বুলি। তস্য ঔষধ—
 ১। সিজুৰ আগ তিনটা পুৰিব বাহৰ গাৰ কটিডাঙ্গা পিপৰাৰ বাহা পানীত খচিব সিজুৰ ৰস তাতে দিব বঙ্গল লোনেৰে খুয়াব গৰ্ভহাৰা গুচে।