পৃষ্ঠা:ঘোৰা নিদান.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

36


 ঔষধ—সৰু মানিমুনি, বৰ মানিমুনি, জাবেসেৰি, ভোটদুবৰি, আদা পঞ্চকলি, মাখি পঞ্চটা, জাবৰা, ৰহুৰ সবাকে বটি, বঙ্গল লোনেৰে খুৱাব পানি তপতায় খুৱাব এতেকে ব্যাধি নাস।

৯। কৃয়নলা।

 ঔষধ—কৃয়নলাৰ দাৰু পুলিখুতৰিয়াৰ সিপা, দুই পেতিয়া য়েৰাৰ সিপা, মাথোকথোকাৰ সিপা, তেজমায়াৰ চাল, আদা আকে দিলে নাস।

১০। খুৰা ওফৰা লক্ষণ—ঘোৰাৰ কুমলিয়া ক্ষুৰ অনেক ঠাইত ফুৰিলে খোৱাব ধৰে, উজুতি খালে চিগি জাই তাৰ ঔষধ।

ঔষধ—মাটিত খৰি দি জুই জালিব মাটি তপত হলে জুই গুচাব খুৰা তপতাই মাটিত দিব ঘোৰা থিয় কৰি থব জুৰ হলে গুচাব এইৰূপে তিনি দিন তপতাব মহুৱাপাত ঘহিব নিতে এতেকে ভাল হব।

১১ খুৰাৰ পোক।

 ঔষধ—ঘোৰাৰ খুৰাত পোক লাগে যদি তপ্ত পানিৰে ধুৱাই চেপি পূজ পানি গুচাব বাহৰ গজালিৰ কুমলিয়া আগ আনি বটি লোন মিহলাই কটিয়াই দিব পোক মৰে কতো সৰে।

১২। খোৰা।

 ঘোৰা যদি খোৰাই তাৰ ঔষধ।

 ঔষধ—মহৰ গোবৰ, লোন, হালধি, পানি ঘোলঘোলিয়াকৈ সিজাব ঘোৰা ৰদত বান্ধিৰ পৰেক ছয়দণ্ড হলে দিব এতেকে ভাল হয়।