পৃষ্ঠা:ঘোৰা নিদান.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

30


 ঘোৰাৰ মন বুজন টান, হাতত সৰহ দিব, মন টুটা হলে মেলি ঘাহ লগাব তবে মন বাঢ়ে, যদি মন বঢ়া থাকে, তাৰ হিয়াৰ বান্ধ চুটী কৰিব, হাততো সৰহ কৰিব জিৰাই উঠিব।


 যদি গাম নধৰি থাকে দুটায়ে দুফালে ধৰি পাচতে ডকাব, ৰাউতে উঠিব উপৰত, মুখত ঘা লগাব, দুদিন থই উলিয়াব, হাততো অল্প কৰি জনাব, তেও যদি নমৰে বেঙ্কা কৰি ধৰিব, সালত থাকোতে পৰা জৰি ডাঙ্গি দিব, যদিচ কলঙ্ক কাটি নাজাই তাৰ এক ঠেঙ্গত ঘিলা লগাব এক ফালে মুখত জৰি দিব।


 যদি মঠ ধৰি খোৰাই থাকে, তেবে একে ঠেঙ্গতে ঘিলা লগাব, তেও যদি নেৰে সি ঠেঙ্গৰ খুৰাৰ ধাৰ চেপি কাটিব।

 যদি ধকধকিয়া ধৰে, তেবে হাত ডাঙ্গি জনাব, নগৰ লগাব।


 এক খুজিয়াত যদি হেলেপনি থাকে, হাতত সৰহ দিব, হিয়াৰ বান্ধ ছুটি কৰিব, জিৰাই উঠিব।

 যদি পাছুলা ঠাদি থাকে ঘিলা লগাব।


নেদেখাকৈ ৰখা যি কথা আছে তাকে কও—
"নেদেখাকৈ ৰখা কথা” (অৰ্থাৎ ড়অউতলৈ উপদেশ)।

 আগুলাৰ পৰা পাছুলালৈ জুখিব, মাজভাগে বহিব, বঢ়া যদি আগলৈ হালি বহিব, যদি টুটা হই পাছলৈ হালি বহিব। টান আহনে বহিব, ঢিলা লৰাব, পোনে উঠি থাকিব, পাচ কচলাদি বহিব, পাছলৈ হালি উঠি থাকিব, চালে টিপাতে ৰই আগুলা যদি দীঘল কৰি পেলাই পাছুলাত ধৰি পোনাই নলপাত বান্ধিব, ছুটি কৰি পেলাব। জেই দিকিলৈ ঘোৰা ঢাল খাই, সেই দিকিলৈ টান কৰি বহিব, এতেকে এৰে।