পৃষ্ঠা:ঘোৰা নিদান.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

24


 টিকলৈ ছেলাউৰি গলে ভাল। ছেলাউৰি বিকট হই মন পাতল। তাৰ -


 লোমধাৰ—দুই গালে লোমধাৰ হলে মুখ লটপটাই, আঠুৰ পৰা টাবলৈ লোমধাৰ হলে চক ধৰে, পেটৰ কোখৰ পৰা লোমধাৰ বয়া। লোমধাৰ বিকট হই মন পাতল।


 লোমঘটিকা—কানত গালত লোমঘটিকা হলে ৰাউতৰ মুৰ খাই, মাল পুৰণি হলে লব। ডিঙ্গিৰ তলে ঘটিকা হলে ভাল, এনে হলে লব। সেয়ে বামাবৰ্ত্ত হলে বয়া। গাত লোমঘটিকা হলে ভাল, উঠা ফালে হলে আৰু ভাল।


 মন—মন ৰুখিয়া হলে ভাল, পথলিয়া হলে বয়া।


দাঁ‌তৰ কথা।

  দাঁত নভগাৰ সিৰল ভগাৰ সিৰল নাই। আধাৰৰ দন্ত খাৰি থাকে, নকৈ ভগাৰ খাৰি নাই। দাঁ‌ততো পানী কতো ভগাৰো ধৰে নভগাৰো ধৰে। নভগা দাঁতৰ মাজত কলা ফুট।