পৃষ্ঠা:ঘোৰা নিদান.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

22


 মুখৰ ডাৰি তিনি আঙ্গল চাৰি আঙ্গল নিয়ম, তাতকৈ জদি উপৰে বাঢ়ে টটাটিঙ্গা, তলে বাঢ়িলে মাঠ।

 বোদোৰা মাথৰি সদৌৰে বয়া, মাথৰি কলা লেপ থুপিয়া হলেও বয়া, টিকনি মাথৰি কুটুলা হলে বয়া, ডাঙ্গৰো হলে বয়া, চিয়া চোৰোকাও বয়া। বোবোৰাদি থিয় হই থাকে সদৌৰে বয়া। ৰাউত বয়া হলে ঘাটি তাক নলব, জটিয়া ঘোৰা সৰ্ব্বত্ৰে বয়া।

 চাৰি ঠেঙ্গত লোম, কানত লোম সদৌৰে বয়া।

 গা একে বৰণিয়া হলে কপালত ফোট হলে ভাল। গা একে বৰণিয়া হলে ঠেঙ্গ চাৰিখন শুক্লা হলে সিও বয়া।


স্বাভাবিক চিন আৰু লক্ষণ।

 চকৰ-দুয়োফালে গালত চকৰ হলে ৰাউতক উবাৰে। তাল চকৰ তালুত হলে ভাল, চক্ষুৰ মাজত হলে টটাটিঙ্গা, চক্ষুৰ নাম হলে লব। টিকনিৰ তলে তিনি চকৰ হলে ভাল, কানৰ তলে চকৰ হলে মুৰ জোকাৰে, উঠা ফালে হলে উতে ৰাখিব পাৰে, মাথৰিৰ তলে দুয়োফালে ডিঙ্গিত চকৰ হলে বয়া, উঠা ফালে হলে ৰাউতে ৰাখিব পাৰে। দাপনাত চকৰ হলে বয়া। ডিঙ্গিৰ তলে আবৰ্ত্ত হলে ভাল, এনে হলে লব, সেয়ে বামাবৰ্ত্ত হলে বয়া। চকৰ বিকট হই মন পাতল।


ছেলাউৰি।

 দাবনাৰ পৰা ডিঙ্গিৰ তলে ছেলাউৰি ডখৰাডখৰিকৈ জেতি ডখৰ থাকে তেতিটা ৰাউত উবাৰে। গালত ছেলাউৰি হলে বয়া। চক্ষুৰ তলৰ পৰা ছেলাউৰি ওপৰলৈ গলে বয়া, দাবনাৰ পৰা ওপৰলৈ গলে ও বয়া, চিকৰ পৰা