পৃষ্ঠা:ঘোৰা নিদান.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

20


 পোকৰ ছুটি হলে কথা থাকে, ছুটি পোকৰিয়া হব তললৈ অল্প জোঙ্গা হব ভাল, জদি তলিও জোঙ্গা হই সি ৰাউতকে গাম সিকাই। অন্তৰে পোকৰৰ ছাল পখৰা হলে সদৌৰে বয়া, ঢেপোহা লেজ সদৌৰে বয়া, টিকাৰ সমানে লেজৰ ঠাৰি হলে বয়া, টিকাৰ পৰা লেজৰ ঠাৰি পোন হলে বয়া। লেজৰ কুৰা ডাঙ্গৰ হব সেয়ে টকা হব বয়া। গান্ধ লেঙ্গুৰিয়া হলেও বয়া।

 ঠেঙ্গ ডাঙ্গৰ হলে জুটি খাই, ভাগৰ ধৰে, অনাৰি হই।


 পাও দীঘল সদৌৰে ভাল। মাথৰিৰ চুলি ঠেঙ্গত হলে বয় কেকেয়া হই সামান্য হই।

 পাছপিৰাৰ তলিয়া বহুল হলে পোকৰ দীঘল বয়া।

 দাবনা ওলমা হলে নলব, বেয়া ঘাম কৰে, চক ধৰে, লৰ মাৰে, জিক খাই, পালে মানুহ খাই, দাবনা ওলমা সদৌৰে বয়া।

 জিউৰ তলা বহল হলে মন চেলেঙ্গা হই, জদি অণ্ড এটি ডাঙ্গৰ হই সি সোচাতে যিচাতে খোৰাই। জেই ফালে অণ্ড সৰু সেই ফালে এক আঙ্গুল আদ আঙ্গল চুটি উতে বিচাৰ কৰি পাব।

 গান্ধ কলা হলে বয়া।

 শুকিলা মলাত কলা শিৰ হলে ভাল। বেঙ্গেতিয়াৰ লোম মলালৈ বাঢ়িলে বয়া। গান্ধ খুৰা হলে বয়া। জি ঘোৰাৰ আপুনি খুৰা ওফৰে সি বয়া।


 ঘোৰাৰ গা মদলি গৰিয়নি পেন হলে গাম কৰাৰলৈ টান।

 পাছুলা থিয় হলে টিকা জোকাৰে।

 আগমুনি ঘোৰা হলে সি আগ বা পাচ একালত এপাহ পাই।