পৃষ্ঠা:ঘোৰা নিদান.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
11



 সোন দৰ্য্যা ভাল।

 বাঘ দৰ্য্যা, দগধা দৰ্য্যা দুয়ে বয়া।

 সোন দৰ্য্যাতকৈ সেত দৰ্য্যা ভাল।

খিৰাঙ্গ।

 খিৰাঙ্গতৰং, খিৰাঙ্গৰ ফোট যদি সোঁহাতলৈ ঢালে তাতো কথা থাকে।

 খিৰাঙ্গ ৰঙ্গভৰৰ নাকলৈ চুছি মৰাকৈ ফোট বলে এনেটো ঘোৰাৰ মন বয়া।

 খিৰাঙ্গ ভদৰাৰ দুই চক্ষু ডহা ভাল, এক চক্ষু ডহা ভাল, উঠা ফালে হলে, ৰাউতে ৰাখিব পাৰে।

দেওচৰাই।

 দেওচৰাই বয়া।

ভদৰা।

 কলিয়া ভদৰা হলে তাতে কথা থাকে, সি বয়া, এঠেঙ্গৰ ৰেখা হলে বাৰু হই। ঠেঙ্গ ডাঙ্গৰ হলে বয়া।

তুলিঙ্গ।

 তুলিঙ্গ পখৰা ভাল নহব।

আবলখ।

 আবলখ অতি ভাল।

 শুকিলা আবলখ ভাল।

 ছাল আবলখ ভাল।

 কলিয়া আবলখ বয়া।

 আবলখ পখৰা গাম কৰাবলৈ টান, লক্ষণেৰে হলে ভাল।