পৃষ্ঠা:ঘোৰা নিদান.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

12



 চিলিমি মুখ কলা, অণ্ড কলা, আই কলা এনে হলে চলিমিৰ ভাল, সেয়ে পোৰা হলে বয়া। চিলিমিৰ কান দীৰ্ঘ হব, পাও দীঘল হব সদৌৰে ভাল। মুখ ছুটি হলেও বয়া, জোঙ্গা হলেও বয়া। ঠেঙ্গ ডাঙ্গৰ বয়া, শাপ চক্ষুও বয়া। চিলিমিৰ নাকত ফোট হলে বয়া, কোখত ফোট হলে ভাল, পিঠিত ফোট হলেও ভাল, টিকাত ফোট হলে টাকি হব, মাছ-লেঙ্গুৰিয়াকৈ টিকাত ফোট হলেও টাকি হব।


 শুকিল চিলিমি ভাল।

 ছাই চিলিমি বয়া।

 কথাৰে হলে লেকাই চিলিমি ভাল।

 হহা চিলিমি ভাল।

 ফুলাম চিলিমি ভাল।

 লঠা চিলিমি ভাল।

 দগধা চিলিমি বয়া।

 ডহা চিলিমি হলে তাত কথা থাকে।

 চাবুৱা চিলিমি বয়া।


টলৌ।

 লক্ষণেৰে হলে চালি টলৌ ভাল।
 টলৌ পখৰা হলে তাত কথা থাকে, মনত কপট, ৰাউতে বিচাৰি পাব।


দৰ্য্যা।

 দৰ্য্যাৰ নাকত ফোট হলে বয়া, কান পখৰা হব সিও কি নকৰিব। দৰ্য্যা যদি উহা হই তেবে বেয়া হই।


 দৰ্য্যাতামু তেলিয়াৰ নাকলৈ চুছিমৰাকৈ ফোট বলে এনেটো ঘোৰাৰ মন বয়া।