পৃষ্ঠা:ঘোৰা নিদান.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

8



দেওচৰাই।

ভদৰা—ভদৰা ছাল তুনি, কলিয়া ভদৰা।

ওলিঙ্গ (তুলিঙ্গ)—তুলিঙ্গ পখৰা।

আবিলখ বা আবলক্ষ বা আবলখ, বা আবৰছ বা আক্ৰস—শুকিলা আবলখ, ছাল আবলখ, কলিয়া আবলখ, আবৰছ তুলিঙ্গ, আবলথ পখৰা।

কুমিত—চকোৱা কুমিত, কুমিত ৰঙ্গা, কুমিত কলিয়া, নকুমিত।
চন্দৰা বা চন্দ্ৰা-চন্দৰা কলিয়া।

তামু বা তাম—তামচন্দৰা।

হুদুমুৱা।

কৃষ্ণ আহনিয়া।

তুকাম—তুকাম তেলিয়া।

তিফৰা— ৰঙ্গা তিফৰা।

তিলক চন্দন।

ডাঙ্গকাচি—ৰঙ্গা ডাঙ্গকাচি, কলা ডাঙ্গকাচি।

বৰ্ণ অনুসাৰে লক্ষণ।

জাত কলিয়া ভাল।

ঘোৰা কলিয়া হব কপালত ফোট থাকিব মুৰতো চক্ৰ থাকিব তেবে ভাল।


ভোমোৰা কলিয়া হলে চেলেং অৰ্থাৎ মনত খং হই, ভোমোৰ কলিয়া হব নোম্বোৰ কাল হই মাথৰি চুলি কাল হব তাৰ মন শুদ্ধ।

মাটি কলিয়া লক্ষণেৰে হে লব।

চকোৱা কলিয়া চাই হে লব।

ৰংৰাই কলিয়া ভাল।