পৃষ্ঠা:ঘোৰা নিদান.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
6



কপটিয়া আৰু এগলিয়া ঘোৰা চিনিবৰ লক্ষণ।

 ডাঙ্গৰ আঠুয়ে, নেজে, মুৰে, হাতৰ মুঠি এফালে বাঘজৰি নিয়মে ধৰি ফুৰাব, জদি মুৰটো ডাঙ্গি এফলিয়াকৈ ফুৰে সি কপটিয়া এগলিয়া।

অণ্ড ডাঙ্গৰ সৰু চিনিবৰ উপায়।

 জেই ফালে অণ্ড সৰু সেই ফালে এক আঙ্গুল আদ আঙ্গুল চুটি ৰাউতে বিচাৰ কৰিব। কতোৰ সালোতে থাকোতে চিনিব নোৱাৰি; ভাগৰাই ফুৰাই চাব, জেই ফালে সৰু সেই ফালে চুটি।

ঘোৰাৰ বৰ্ণ।

বৰ্ণ।—

শুক্লা, বা শুকিলা বা জাত শুকিলা।

ৰঙ্গা বা জাত ৰঙ্গা।

কলিয়া—জাত কলিয়া, ঘোৰা কলিয়া, ভোমোৰা কলিয়া, মাটি কলিয়া, চকোৱা কলিয়া, ৰঙ্গৰাই কলিয়া, বেঙ্গনা কলিয়া, কাবা কলিয়া

পখৰা—বাউলা পখৰা, বগ পখৰা, বামুনা পখৰা, কেকু পখৰা, কুকুৰ পখৰা, ৰুপহি পখৰা, ফুলাম পখৰা, বাঘ পথৰা, ছাবুৱা পখৰা, ডহা পখৰা।

চিলিমি বা চিলমিল—চিলিমি শুকিলা, মটিয়া চিলিমি, ভোবোৰা চিলিমি, ছাই চিলিমি, লেকাও চিলিমি (লেজাওজাও) চকোৱা চিলিমি, হহা চিলিমি, ফুলাম চিলিমি, নৰা বা লঠা চিলিমি, দগধা বা দগ্ধা চিলিমি, ডহা চিলিমি, ছাবুৱা চিলিমি, ঢেপা চিলিমি।

টলৌ—চালি বা চাৰি টলৌ, ৰঙ্গি টলৌ, কালি টলৌ, টলৌ পখৰা।


দৰ্য্যা—তাম দৰ্য্যা, সোন দৰ্য্যা, বাঘ দৰ্য্যা, দগ্ধা দৰ্য্যা, সেত দৰ্য্যা, ডহা দৰ্য্যা, তেল দৰ্য্যা, দৰ্য্যা পখৰা।

খিৰাঙ্গ—খিৰাঙ্গ ৰঙ্গভৰ, থিৰাঙ্গ ভদৰা।