পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৫৫)

গীত—

সকলোৱে—

বলাঁ ভাই যাওঁ আমি, খৰি আনো গই,
খৰি আনো গই আমি, খৰি আনো গই।
বিচাৰি শুকান খৰি, আমি সকলোৱে লুৰি,
ঘৰলৈ আহিম ঘূৰি, লৰালৰি কই।
হই আমি শাৰী শাৰী, বলা যাওঁ লৰ মাৰি ,
নহলে হব দেবি, ঘূৰিম কেনেকই?

(সকলোৰে প্ৰস্থান)