পৃষ্ঠা:গুৰুদক্ষিণা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৪)

অইনৰ মন নিকা কৰিব নোৱাৰি।

বল।-তোমাৰ কথা শুনি কলিয়া! মই বিচুৰ্তি হওঁ। তোমাৰ
 দিনে দিনে একোটা মনৰ ভাব। যিহকে দেখা তাকে
 লাগে। পণ্ডিত দেখি পণ্ডিত হবৰ মন গল। আৰু
 বা নহবা কি? এই ভাব আকৌ লুটি খাইহে লাগে।

কৃষ্ণ। পণ্ডিতৰ সমান সুখী পৃথিবীত কেওঁ নাই। মোক
 আশাীৰ্ব্বাদ কৰাঁ যাতে বেগতে পণ্ডিত হৈ মনৰ মলি
 গুচাই অন্তৰ পোহৰ কৰিব পাৰোঁ। আৰু তুমিও
 পণ্ডিত হৈ মোক কৰ্ত্তব্য কৰ্ম্মত সহায় কৰাঁ। আমি
 যি উদ্দেশ্য় সিদ্ধি কৰিবৰ নিমিত্তে পৃথিবীলৈ আহিছোঁ,
 তাক যাতে সুকলমে সুসম্পন্ন কৰিব পাৰোঁ, তালৈ
 অকণো হেলা নকৰিবাঁ।

বল।–তেন্তে উপায়?

কৃষ্ণ।-উপায় আৰু কি? আমি সেই মুনিৰ পঢ়াশালিত
 পঢ়া।

বল।-মুনিৰ নো পঢ়াশালি কত- যাবানো কেনেকৈ?

কৃষ্ণ।-সেই বিষয়ে দদা, তুমি একো ভাবিব নেলাগে।
 মই নাম আৰু থকা- ঠাই আদি সকলো তেওঁৰেপৰা
 ঠিককৈ থৈছোঁ।আহা!মুনিজন কেনে মৰমীয়াল!
 আমাক কেনে আদৰ-সাদৰ কৰিছিল!