পৃষ্ঠা:গুৰুদক্ষিণা.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গ্ৰন্থাৰম্ভ

লাগতিয়াল সঙ্কেত

 গ্ৰন্থকাৰসকলে দেখোঁতা আৰু কৰোঁতা দুইৰো সুবিধাৰ নিমিত্তে প্ৰত্য়েক ( Theatrical Play) ভাওঁকে চোৱা-চোৱাকৈ কেবাভাগো কৰি দিয়ে, বিশেষ সুচলৰহেতুকে প্ৰত্যেক ভাগকে আঁকৌ সৰু সৰু কেবাঅংশতো বিভাগ কৰি থয়। ইংৰাজী নাটৰ একোভাগক। (Act) অঙ্ক আৰু সৰু একোঅংশক (Scene) দৃশ্য় বা দৰ্শন বুলি উল্লেখ কৰে। একোঅংশৰ ভিতৰত কেবাখনিও দৃশ্য় বা দৰ্শন থাকে। আজি-কালি এই দেশীয় আৰু বঙ্গদেশীয় নাটৰচোতাসকলে দৃশ্য় বা দৰ্শনৰ সলনি প্ৰায় গৰ্ভাঙ্ক বুলিহে লিখে। এই নাটত ইংৰাজী প্ৰথাৰে লিখা হৈছে; কামেই দৃশ্য় বা দৰ্শনৰ ঠাইত গৰ্ভাঙ্ক বুলি ধৰিব লাগিব। ইতি;

গ্ৰন্থকাৰ