পৃষ্ঠা:গুৰুচৰিত.djvu/৯০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যাক স্মৰণে পাতকত লাগে জুই।
লয়োক শৰণ তাতে এক মন হই॥ ৪০৯৭
হেন জানি ধৰা ডাঠি হৰি গুৰু পাৱে।
গলত চামৰ দিয়া নতু ধৰে ঘাৱে।
মই মহা পাতকী অজ্ঞানী বৰবৰ।
ক্ষমা কৰা দামোদৰ দয়ালু শঙ্কৰ॥ ৪০৯৮
কৰোহো কাকুতি তুৱা চৰণত ধৰি।
কৃষ্ণক হৃদয়ে ধৰি বোলা হৰি হৰি॥ ৪০৯৯

−:সমাপ্ত:−