পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধৱে সুধিলা লাউ কাটিবাৰ কথা।
হাতযোৰ কৰি পাচে চপৰাইলা মাথা॥
হেনমতে হেডালি সাজিয়া লাউ থৈল॥
মাধৱৰ আগে সেই কথাক কহিলা॥ ৪০৮১
মাধৱৱে বোলন্ত কিনো উপকাৰ কৈলি।
সাৱটি ধৰিয়া বোলে কিনি মোক থৈলি॥
গুৰুপত্নী জানিবা গুৰুৰ সৰ্ব্ব অঙ্গ।
শাপ দিলে হন্ত দুহানক কৰি খঙ্গ॥ ৪০৮২
গুৰুদ্ৰোহী ভৈলো হতে মই মন্দমতি।
তাত হতে তুমি মোক ৰাখিলা সম্প্ৰতি॥
এহি বুলি তাঙ্ক বৰ প্ৰংশসা কৰিলা।
তাতো পাচে শুনা আৰো যেন কথা ভৈলা॥ ৪০৮৩
পুৰুষোত্তমক মাধৱদেৱে পঢ়াইলন্ত।
শঙ্কৰদেৱৰ নাতি মহাভাগৱত॥
একদিনা পঢ়িবাক ফলি গুটি নাই।
ভাণ্ডাৰীত ফলি মাটি খুলিন্ত যাই॥ ৪০৮৪
বুলিলন্ত শুনি সিটো ঠাকুৰৰ আগে।
কৈত পাইবো মাটি তোক দিনে দিনে লাগে॥
মনপুৰ বুলি তাত তথাপি খুজিলা।
তভু দুৰাচাৰে মাটি তাহাঙ্ক নেদিলা॥ ৪০৮৫
গৈলন্ত ঠাকুৰ শুনি মনে দুখ কৰি।
বোলে তাত একে নুখুজোহো আজি ধৰি॥