পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভকতসকলে মনে মনে চিন্তা কৰে।
বোলে ভাল নকৰিলা জানো সাৰে সাৰে॥ ৪০৬৪
হেন কথা মাধৱ দেৱতা মনে জানি।
কোমল মধুৰ কৰি বুলিলন্ত বাণী॥
ৰাম কৃষ্ণ নামক সততে যিটো লয়।
যমকাল মৃত্যুক আৰ কাক আছে ভয়॥ ৪০৬৫
এহি বুলি এক গোট ঘোষা কৰিলন্ত।
ভকতক দিলা বোধ মাধৱ মহন্ত।
সুৰানন্দে যাই কথা ৰাজাত কহিলা।
নৃপতি শুনিয়া ভাল মন্দ নকহিলা॥ ৪০৬৬
এহিমতে তৈতে যেবে দিশ দশ আছে।
ৰাজাৰ আগত লোকে কহিলন্ত পাচে॥
সুৰানন্দে কহিলন্ত সকল বৃত্তান্ত।
হেন শুনি মাধৱক বিদায় দিলন্ত॥ ৪০৬৭
হাজোত থাকোক বুলি কহিলন্ত ৰায়।
এহি বুলি মাধৱক দিলন্ত পঠাই।
ৰধু ৰাজা যেবে কালে মৰিলন্ত পাচে।
সুন্দৰীদিয়াত আসি কতদিন আছে॥ ৪০৬৮
ঘোষা পুথিখানি পাচে তৈতে কৰিলন্ত।
কৰিলন্ত ৰাজসূয় তাহৰ পাচত॥
শুনা সাধুসব কথা আত অনন্তৰ।
কহো কথা কিছুমান আই গোসানীৰ॥ ৪০৬৯