পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭৪
গুৰুচৰিত

লোকৰ আন্দোলে সত্ৰ সল দোপ কৰে।
হেনমতে ভাগিলন্ত লোক নিৰন্তৰে॥ ৪০৩১
হেন দেখি নাৰায়ণ ঠাকুৰ মহন্ত।
মাধৱ দেৱৰ আগে কথা কহিলন্ত।
শুনিয়োক বাপ তুমি আমাৰ বচন।
জানিলো গুৰুৰ ধৰ্ম্ম কৰিলা উচ্চন্ন॥ ৪০৩২
বসি আছা কিবা হেতু মনে জানি তুমি।
আগ পাচ কথসব কহো শুনা আমি।
দেখিয়োক ব্ৰাহ্মণে কেনে কৰে অযুগুত।
আমাৰ গুৰুৰ ধৰ্ম্ম কৰিলে লুপুত॥ ৪০৩৩
যেনমতে মহাধৰ্ম্ম ৰাখিবাক পাৰা।
জাণ্ট কৰি বাপ তুমি হেন কাম কৰা।
তল কৰি আনিলে চাহিয়ো মন কৰি।
মনে মনে আছা কেনে ব্ৰহ্মচৰ্য ধৰি॥ ৪০৩৪
মাধৱে বোলন্ত আবে কি কৰিবো আমি।
একখানি কথা কহো শুনিয়োক তুমি।
চাৰি গুটি কথা গুৰু বুলিলন্ত মোক।
নকৰিবা বাপু আবে হাক দিলো তোক॥ ৪০৩৫
বৰ ঘৰ বৰ মেল নকৰিবা তুমি।
নটুৱাক নচোৱাবা হাক দেওঁ আমি।
কহিয়োক সখি আবে আমি কি কৰিবো।
কেনমতে আৱে গুৰু ধৰ্ম্মক ৰাখিবো॥ ৪০৩৬