পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৃথিবীত দিয়া মাথ বোলো হে প্ৰাণনাথ
 সত্যে সত্যে তুমি মোৰ গতি।
অনন্তৰে ধজাৰামে পৰিলন্ত তেতিক্ষণে
 গুৰুৰ চৰণ হাতে ধৰি।
বোলে হেৰা প্ৰাণনাথ চৰণত থৈয়া মাথ
 জানিলো যাইবা তুমি এৰি॥ ৩৮৯৪
আনো ভক্ত নিৰন্তৰ পাৱে পৰি শঙ্কৰৰ
 কান্দিলন্ত প্ৰেম অনুৰাগে।
কৰি সবে যোৰহাত মাথা দিয়া চৰণত
 কাকৃতি কৰয় পৰি আগে।
তুমিসে পৰম গুৰু ভকতৰ কল্পতৰু
 জানিলে নিশ্চয় কৰি মনে।
ভকত বান্ধৱ দেৱ তুমি বিনে নাহি কেৱ
 জানিলোহে ইতিনি ভূৱনে॥ ৩৮৯৫


দুলড়ী

শুনা সৰ্ব্বজন গুৰুপাৱ মন
 দিয়া ত্যাজি আন কাম।
মহা ভুলে গুৰুপাৱ কোলে
 চাপি ধৰা সুখে নাম॥
হুয়া সাৱধান গুৰুৰ চৰণ
 গলে বান্ধা দৃঢ় কৰি।