পৃষ্ঠা:গুৰুচৰিত.djvu/৮০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুনিলন্ত আছে পৰি অনাইলন্ত হাতে ধৰি
 বুলিলন্ত বিসঙ্গতি হৈলা॥
সুধিয়া জানিলা মৰ্ম্ম কি কৰিলা কৰি ধৰ্ম্ম
 মাথে পাচে পানীক ঢালিলা।
জলপান কৰাইলন্ত সুস্থ ভৈল মহাসন্ত
 পাচে গুৰু বচন বুলিল॥৩৬৫০
ভিক্ষা নাই যেহি দিনা বলোৰাম কথা শুনি
 আসিবাহ তুমি মোৰ ঠাই।
ভড়ালৰ বস্তু নিয়া মনে আন নকৰিয়া
 ভুঞ্জিবাহা আদেশিদো মই॥
মাধৱে আছিল বসি গুৰুৰ কথাক লক্ষি
 প্ৰাৰ্থনা কৰিয়া বুলিলন্ত।
নিবেদন কৰো মই নাম বিনে গতি নাই
 আপোনাৰ এহি অভিমত॥ ৩৬৫১
সকলো ধৰ্ম্মৰ মূল নামধৰ্ম্ম সম তুল
 নাই আৰো সংসাৰৰ মাজ।
হৃদি ধৰি নাম সুখে সদায় নামৰ মুখে
 হাতে কৰা সংসাৰৰ কাজ॥
কলিকাল মহাক্ষীণ বল শক্তি সবে হীন
 অল্পে হয় ইন্দ্ৰিয় বিকল।
সেহি দেখি মাগো মই জীৱপ্ৰতি দয়া হুই
 একাদশী দিনে দিয়া ফল॥ ৩৬৫২