পৃষ্ঠা:গুৰুচৰিত.djvu/৮০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আসিলাহা তুমি জানা সাধুৰ বাক্যত।
শাস্ত্ৰ লইয়া শীঘ্ৰে দিয়া শঙ্কৰ হাতত॥
এহিক্ষণে চাৱা তুমি উপৰত আছে।
যি কথা কহিছে গুৰু সম্পূৰ্ণ মিলিছে॥ ৩৬২৮
এতেকতে বাপু তুমি থাকিবে নালাগে।
পুথি মাথে কৰি নিয়া শঙ্কৰৰ আগে॥
মোহোৰ প্ৰাৰ্থনা আৰু শ্ৰীগুৰুৰ কথা।
সমস্তকে কবা তুমি নকৰা অন্যথা॥৩৩২৯
এহি বুলি দুটি শ্লোক নিজেও লেখিলা।
পুথি সমে লগ কৰি ভূষণক দিলা॥
কণ্ঠভূষণেও পাচে আথ বেথ কৰি।
পেৰা তুলি লৈলা যত্নে মূৰৰ উপৰি॥৩৬৩০
ক্ৰমে খোজ কাঢ়ি পাটবাউসীক পাইলা।
সেৱা কৰি পুথি শ্লোক শঙ্কৰক দিলা।
দুই হাতে চৰণত ধৰিলা আকলি।
শঙ্কৰে মতিলা বাপু উঠা উঠা বুলি॥৩৬৩১
কণ্ঠভূষণে বোলে দোষক কৰিছো।
সেহি হেতু প্ৰভু মই ক্ষমাক মাগিছো।
যদি দয়া কৰা তেন্তে ক্ষমিলো বুলিবা।
তেবেসে উঠিম বাপ নিশ্চয় জানিবা।৩৬৩২
বিসঙ্গতি দেশি গুৰু ক্ষমিলো বুলিলা।
কণ্ঠভূষণেও ভেবে উঠি থিয় দিলা।