পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনাচাৰী মাত্ৰ তোৰসব হোৱা
 মিছা তোমাসাৰ বাক।।
শুনা নৰলোক ভকতি মিলোক
 গুৰুৰ চৰিত্ৰচয়।
সংসাৰ তৰিবা সুখক লভিবা
 হুইবেক অভ্যুদয়॥ ৩৫৭৯
কহে ৰামচৰণে জীৱনে মৰণে
 নাই নাম বিনে গতি।
কাঁকুতিক কৰো চৰণত ধৰো
 নামত কৰিয়ো ৰতি॥ ৩৫৮০



মহাৰাজ নৰনাৰায়ণৰ ৰাজ-সভাত শ্ৰীশঙ্কৰ
পদ

এহিৰূপে ৰাজাৰ সভাত তিনি মাহ।
ব্ৰাহ্মণৰ বাদে থাকি কৰিছে নিৰ্ব্বাহ॥
ব্ৰাহ্মণে কৰন্ত তৰ্ক যিবা যিবা জানি।
শঙ্কৰৰ মুখত সকলো হোৱে পানী॥ ৩৫৮১
খণ্ডন কৰন্ত তাক খণ্ড খণ্ড কৰি।
ৰাজায়ো শুনিয়া থাকে মহাৰঙ্গ কৰি॥
মহা সংস্কৃতজ্ঞ পণ্ডিত ৰজাও আছিল।
আঠ গোটা শ্লোক কৰি নিজেই আনিল॥ ৩৫৮২