সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭০
গুৰু-চৰিত

নাজানিয়া মত কথাৰ সন্মত
 কিয়বা হেন কৰিলা॥ ৩৫৬২
আমি যিবা কলো সমিধান দিলো
 হয় নহয় বিচাৰি চোৱা।
সন্দেহ থাকয় শাস্ত্ৰ মেলি চাই
 ইকথা প্ৰমাণ লোৱা॥
বাহ্মণসকলে অতি লাজ পাই
 ৰাজাক বুলিলা পাচে।
বোলে মহাৰাজ ভাবি চোৱা কাজ
 আৰাে কত শাস্ত্ৰ আছে॥ ৩৫৬৩
আমাৰ তিমান নাহি শাস্ত্ৰ জ্ঞান
 আনা আন পণ্ডিতক।
বিদেশৰপৰা আহবানক কৰা
 ভঙ্গাইবেক শঙ্কৰক॥
এহি কথা শুনি ৰাজা মনে গুণি
 নিমন্ত্ৰণ দিলা পাচে।
কাশী প্ৰয়াগৰ অনেক দেশৰ
 যতেক পণ্ডিত আছে॥ ৩৫৬৪
বাসা সিধা দিলা সবাকে তুবিলা
 পাচে আয়োজন কৰি।
চন্দন চৌৰাত কৰি উতপাত
 হৈলন্ত অৰিয়া অৰি॥