পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কিছুপৰ এহিমতে থাকি দুইজনে।
সান্তনা লভিল পাচে ধৈৰ্য্য ধৰি মনে॥ ৩৫৩৪
গুৰুৰ বাৰ্তাক আতা সমস্তে কহিলা।
শুনিয়া মাধৱে তাক আনন্দ কৰিলা॥
ভোজন কৰিয়া পাচে হৰ্ষমন হুই।
পাটবাউসীক গৈলা গোসানীৰ ঠাই॥ ৩৫৩৫
গোসাইৰ খবৰ আৰো নিজৰ বৃত্তান্ত।
সেৱা কৰি বুলিলন্ত আতা আদি অন্ত॥
শুনিয়া গোসানী হৰ্ষ বিষাদক কৰি।
চকুলো টুকিলন্ত সিসব সুমৰি॥ ৩৫৩৬
আই বোলে শুনা তুমি মোহোৰ বচন।
বৰ সুখ দিলা তুমি ধৰ্ম্মে বিচক্ষণ॥
এত দুখ সহি তুমি ধৰ্ম্মক নেৰিলা।
এহি কাৰ্য্যে তুমি মোক বৰ সুখ দিলা॥ ৩৫৩৭
তোমাৰ সুযশ ইটো থাকিব জগতে।
মনে মুখে কব তাক সমস্ত ভকতে॥
এহি বুলি আই দুইকো বিদায়ক দিলা।
সেৱা কৰি দুই সখি ক্ৰমে খোজ লৈলা॥৩৫৩৮
গণককুছিত আতা নিশাক বঞ্চিলা।
পিচদিনা প্ৰভাতে মন্থৈক আসিলা॥
ইষ্ট কুটুম ভাৰ্য্য পুত্ৰাদিক লই।
ঘৰত থাকিলা সুখে হৰিগুণ গাই॥ ৩৫৩৯