পৃষ্ঠা:গুৰুচৰিত.djvu/৭২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০৫
পঞ্চম খণ্ড

হেন শুনি সন্ন্যাসী চৰণে প্ৰণামিলা।
দুইজন পাণ্ডালোকে নমস্কাৰ কৈলা॥৩২৮০
সন্ন্যাসীসকল যেবে এহিমানে গৈলা।
তাহাৰ সাধন কহো পূৰ্ব্বে যেন ভৈলা॥
পৰম ঈশ্বৰ কৃষ্ণ দৈৱকী নন্দন।
কংস বধিবাক গৈলা কৰি যেবে মন॥৩২৮৪
পথত যাহন্তে পাইলা বাণিজাৰগণ।
পূজিলা কৃষ্ণৰ পাৱে দিয়া বস্ত্ৰ দান॥
দেখিয়োক কেন হৰি ভকতিৰ বল।
কৃষ্ণৰ সেৱাৰ দেখা অবিনাশী ফল॥৩২৮৫
পূৰ্ণব্ৰহ্ম ঈশ্বৰক পূজি আছে যিবা।
শঙ্কৰ স্বৰূপে হৰি তাকে মোক্ষ দিবা॥
দেখা দেখা কেন তান লীলা বিপৰীত।
ভকত জনৰ সৰ্ব্বকালে চিন্তা হিত॥৩২৮৬
তাহান মহিমা পাইবে কাহাৰ শকতি।
জানিবো কেমনে তাক মই অল্পমতি॥
যাৰ মায়া বিভৱৰ নাই আদি অন্ত।
দৈৱকীনন্দন দেৱ হেন ভগৱন্ত॥৩২৮৭
আদি অন্ত নাই যাৰ অদ্ভুত মহিমা॥
তাহান চৰিত্ৰ কহি কোনে পাইবে সীমা।
ছদ্মৰূপে অৱতাৰ ভৈলা কৃষ্ণ আসি।
নিস্তাৰিবা লোক গুণ নামক প্ৰকাশি॥৩২৮৮