এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯৮
গুৰু-চৰিত
তাত পাচে এক দিনা মেঘে ঢাকিছ্য়।
অন্ধকাৰ কৰি যেন বৃষ্টিক জানয়॥
হেন দেখি গুণিলন্ত মাধৱে মনত।
অৱনত ভাৱে শঙ্কৰক বুলিলন্ত॥৩২৪৫
বোলে বাপ শীঘ্ৰে যাওঁ বৃষ্টিয়ে তিতাইব।
ওচৰত ঘৰ নাই কহিত চাপিব॥
হেন শুনি শঙ্কৰে বোলন্ত বৃষ্টি নাই।
কহিলন্ত মাধৱক উপৰক চাই॥৩২৪৬
মুখে ৰাম নাম গাই এহিমতে যান্ত।
আকাশৰ মেঘ দেখে সবে গুচিলন্ত॥
সূৰ্য্যৰ প্ৰকাশ ভৈলা ৰৌদ্ৰ দিল পাচে।
তাত অনন্তৰে এহিমতে বান্তে আছে॥৩২৪৭
বোলে ভাল ভৈলা আবে বৃষ্টি বাত নাই।
ভকতসকলে হেন কথা কহি যায়॥
শঙ্কৰ দেৱতা পুনু আকাশক চাইলা।
এক লেশমানে পাচে মেঘক দেখিলা॥৩২৪৮
বহুতৰ নহে এক চমকায়ে প্ৰায়।
শঙ্কৰত কহিলা মাধৱে পুনু চাই॥
তান পাচে দেখিলন্ত কুলা খানি মান।
আৰোবাৰ দেখিলন্ত চোতালৰ থান॥৩২৪৯
বিস্ময় দেখিয়া তাক বাই সবে চাই।
আৱৰিলে পাচে চাৰি পুৰাধাৰ ঠাই॥