সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৮
গুৰু-চৰিত

কৃষ্ণৰ সেৱাত দৃঢ় বিশ্বাস বাহাৰ।
অযত্নে আপুনি ভোগ মিলে আসি তাৰ॥
শিষ্য-গুৰু নাৰীৰ আখ্যান কথা যত।
পাচ প্ৰকাৰক কৰি কৈলা ভকতত॥ ৩১৯০
এহি বুলি ভকতৰ সংশয় ছেদিলা।
মুখে ৰামনাম গাই তীৰ্থপথে গৈলা॥
গুৰুৰ চৰণে মনে নমস্কাৰ কৰি।
ৰামৰ চৰিত্ৰ কথা পুছিলা সাদৰি॥৩১৯১
হেন শুনি শঙ্কৰে দিলন্ত প্ৰত্যুত্তৰ।
কহিব্বোহো কথা আমি ৰাম ৰাৱণৰ॥
সাগৰৰ তীৰে বসি ৰামচন্দ্ৰ হৰি।
যেনমতে সেনাক জৰাইল লেখা কৰি॥৩১৯২
সেহি কথা গুৰু পাচে কহিবাক লৈলা।
শুনিয়া ভকত সবে আনন্দিত ভৈলা॥
অযুত নিযুত ঠাই খৰ্ব্ব মহাখৰ্ব্ব।
পদ্ম মহাপদ্ম আৰো লেখা কৈলা সৰ্ব্ব॥৩১৯৩
হেন লেখা যুগুতিক শঙ্কৰে কহিলা।
মাধৱদেৱ আদি ভক্তে বিস্ময় মানিলা॥
যেনমতে হনুমন্ত লঙ্কাক গৈলন্ত।
শঙ্কৰে হৰিব মনে সেহি কথা কন্ত॥৩১৯৪
দেহ গেহ পাসৰিল পুলকিত কায়।
বাক্য গদ গদ নীৰ ধাৰে বহি যায়॥