পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫১
পঞ্চম খণ্ড

বৰপেটা গ্ৰামে তেহো ৰহিয়া আছন্ত।
তৈকে বোলে যাবা তুমি আমাৰ লগত॥
আয়ু বৃথা যাই লোৱা কৃষ্ণত শৰণ।
সুমৰিবা তুমি পাচে আমাৰ বচন॥৩০১৬
শঙ্কৰৰ গুণাগুণ শ্ৰীৰামে শুনিয়া।
যাইবো বুলি কৈল কথা আনন্দ কৰিয়া॥
মুনিহ দিবাক মোক লোকে মাতি আছে।
বাক্য বৃথা হোৱে গৈলে কি কৰিব পাচে॥৩০১৭
সিটো যদি এৰে তেবে পাৰোহো যাইবাক।
কেনমতে বাক্য এৰো কৈয়ো তুমি তাক॥
বাক্য এৰি যাওঁ যেবে আমি তযু সঙ্গে।
আগৰ মুনিহ ধান্য নেদিবেক খঙ্গে॥৩০১৮
দিয়ে বাক্য বুলি সিটো পাচে বোলে নাই।
বচন এৰিলে জানা তাৰ জাতি যায়॥
এতেকে যাবাক লাগি কৰো আমি ডৰ।
দেখিয়োক তুমি বৰ বাক্যতে জগৰ॥ ৩০১৯
আগৰো মুনিহ ধান্য নতো আনো তাৰ।
আগে পাচে এক বাক্য কহিলো আমাৰ॥
আবে কেনমতে আমি তযু লগে যাওঁ।
গুণি গাষ্ঠি তাতে একো উপায় নপাওঁ॥৩০২০
বিমৰিষ কৰি পাচে বুলিলন্ত বাণী।
গৃহক চলিয়া আজি যায়া মহামানী॥