পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪৯
পঞ্চম খণ্ড

হেন শুনি ভক্তসবে জয়ধ্বনি কৈলা।
পৰম আনন্দে ৰঙ্গে এহিমতে ৰৈলা॥
তাত পাচে শঙ্কৰৰ দুহিতা জন্মিলা।
ৰাশি যোগ গণিয়া ৰুক্মিণী নাম থৈলা॥৩০০৫
শুনা সভাসদ ইটো কথা নিৰন্তৰ।
অমৃততোধিক স্বাদ যশ শঙ্কৰৰ॥
যেনতে নাৰায়ণে ভক্ত মিলাইন্ত।
হেন কথা কহো কিছু শুনা সাধু সন্ত॥ ৩০০৬
মহা ভাগৱত ইটো ভক্তৰ চৰিত্ৰ।
কৰ্ণভৰি পিয়া আক পৰম অমৃত॥
শঙ্কৰৰ ভক্ত নাৰায়ণ অনুপাম।
একদিন গৈলা তেহো শিমলীয়া গ্ৰাম॥ ৩০০৭
সেহি পথে নাৰায়ণ আসন্ত গৃহক।
নাহিলন্ত তৈতে লগ পাইলা শ্ৰীৰামক॥
লোকৰ মুনিহ দিয়া তেহো ভাত খাই।
কাম ক্ৰোধ লাভ মোহ তান কিছু নাই॥ ৩০০৮
নিৰ আসি নিৰপক্ষ আদি গুণ যত।
নাৰায়ণে দেখে তাঙ্ক আছয়ে সমস্ত॥
আৰ্য্যা পুত্ৰ আহিলন্ত পৰলোক গৈলা।
দন্ত দৰ্প তেজি মদগৰ্ব্ব ভাঙ্গি লৈলা॥ ৩০০৯
বিষয়ৰ আশা ভঙ্গে মিলিল হৰিৰ।
এৰিলত মনে মানি বিষ্ঠাৰ সদৃশ॥