পৃষ্ঠা:গুৰুচৰিত.djvu/৬৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৭
পঞ্চম খণ্ড

তাহান যশস্যা কিন্তু জগত জুৰিল।
তাকো নেদেখোহে নৌকা ঠাইতে বুৰিল॥২৯৬৮
কৰা কৃপা মোক আবে বাপ জগন্নাথ।
কৰোহো কাতৰ চৰণত দিয়া হাত॥
সংসাৰ মধ্যত মোৰ পৰে পাপী নাই।
কৰিয়ো কৰুণা গুৰুপদে দিয়া ঠাই॥ ২৯৬৯
মোত পৰে অনাথ নাহিকে আন জন।
কৰিয়ো নিস্তাৰ পাৱে পশিলো শৰণ॥
বিষয় উদকে পৰি হত ভৈল বুদ্ধি।
মাগোহো পাৱত মই আপদ আষুধি॥২৯৭০
মুখে নাম হৃদি ৰূপ সঙ্গ ভকতৰ।
দিয়ো এহিমান কৰো চৰণে গোচৰ॥
জনমে জনমে হৌক সঙ্গ ভকতৰ।
নকৰিবা আশা ছেদ মই অধমৰ॥ ২৯৭১
যমৰ কিঙ্কৰে নিগ্ৰহত লৈবে প্ৰাণ।
গুৰু বিনে কোনে মোক কৰিবেক ত্ৰাণ॥
হেন প্ৰাণ প্ৰভো ভকতৰ ভয়হাৰী।
ভকতৰ সঙ্গ দাস কৰিয়ো মুৰাৰি॥২৯৭২
শ্ৰৱণ কীৰ্ত্তন নাম নছাৰোক মুখে।
সাধুৰ সঙ্গতি মাত্ৰ হৌক সুখে দুখে॥
কহে ৰামচৰণে অজ্ঞানী শিশুমতি।
ৰাম ৰাম বোলা গুৰু চৰণেসে গতি॥