পৃষ্ঠা:গুৰুচৰিত.djvu/৬৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৪
গুৰু-চৰিত

পৰে ঝৰি নেত্ৰৰ লোতক অবিচ্ছেদ।
শঙ্কৰক চাই চাই কৰে আতি খেদ॥
বোল ভাগ্যবশে আমি তোমাক দেখিলো।
তযু পদে আজি আমি শৰণ পশিলো॥ ২৯৫২
এত কাল বৃথা গৈল মনুষ্য জনম।
পৰৰ পাতকী নাই নাই মোৰ সম॥
কৰোহো কাকূতি আবে দিয়োক শৰণ।
দৈৱবশে পাইলো দেখা তোমাৰ চৰণ॥২৯৫৩
দিয়োক অভয় দান বাপ কৃপাময়।
দূৰ হৌক মোৰ যত অহঙ্কাৰচয়॥
বিস্তৰ কৰিলা তুতি নতি এহি বুলি।
হাতে তুলি মাথে লৈলা চৰণৰ ধূলি॥২৯৫৪
শঙ্কৰে দেখিয়া বহু বচনে সম্ভাষি।
আসনে বসিয়া পাচে বুলিলন্ত হাসি॥
হেন শুনি বুলিলন্ত নম্ৰভাবে যাই।
আসনে মগন মন পুলকিত কায়॥ ২৯৫৫
শঙ্কৰে বোলন্ত ওবা শুনিয়ো মাধৱ।
জানি আছো তুমি আমি পৰম বান্ধৱ॥
শঙ্কৰে হৰিষ মনে এহিমতে ৰৈলা।
কৃষ্ণপাৱে মাধৱক শৰণক লৈলা॥২৯৫৬
ভকতৰ সঙ্গে ৰঙ্গে আনন্দে থাকিলা।
শুনা দামোদৰ যেনমতে ভক্ত ভৈলা॥