পৃষ্ঠা:গুৰুচৰিত.djvu/৬১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৮
গুৰুচৰিত

ধৰ্ম্ম অৰ্থ কাম মোক্ষ ইটো কোন হয়।
বৈকুণ্ঠবাণিজ্য ভক্তসঙ্গত মিলয় ॥২৭৮৭
দুয়ো কাৰ্য্য সিদ্ধি ভৈলা মোৰ অভিমত।
কৰা কৃষ্ণে পূৰণ ভক্তৰ মনোৰথ॥
দেখিয়ো মাধৱ তুমি ইটো কোন চিত্ৰ।
কৰন্ত ভকতে অন্ত্যজাতিকে পবিত্ৰ॥২৭৮৮
শঙ্কৰে বোলন্ত তুমি শুনিয়ো মাধৱ।
ভক্তৰ কঠিয়া ঐত পাইলোহো বান্ধৱ॥
কি কহিবো কথা নাৰায়ণ মহন্তৰ।
এহি বুলি প্ৰশংসা কৰিলা বাৰম্বাৰ ॥২৭৮৯
হেন নাৰায়ণ মহা গুণৰ সাগৰ।
জগত প্ৰসিদ্ধ ভৈলো শিষ্য শঙ্কৰৰ।
শঙ্কৰ মাধৱ এহি কথা কহি ৰৈলা।
শুনা সাধুসব অতপৰে যিবা ভৈলা ॥২৭৯০
শ্ৰাদ্ধৰ নিমিত্তে মাধৱ কৈলা মহোৎসৱ।
হেন কথা কহো শুনা কৰিয়া উৎসৱ॥
গুৰু ভকতত সবে আজ্ঞা লৈলা মাগি।
যতন কৰিলা হৰি কীৰ্তনক লাগি॥২৭৯১
চাউল ডালি কদলী তাম্বুল উপহাৰ।
এক ঠাই কৈলা আনি নৈবেদ্য সম্ভাৰ॥
কৃষ্ণৰ কীৰ্তন গাইলা ভকতে হৰিষে।
শুনন্তে কৰ্ণতে যেন অমৃত ৰবিষে ॥২৭৯২