পৃষ্ঠা:গুৰুচৰিত.djvu/৬১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৯৫
পঞ্চম খণ্ড

অনন্তৰে নাৰায়ণদাসে উঠি গৈলা।
এক কচি কাপোৰক আপুনি আনিল॥
মাধৱৰ আগে দিয়া বুলিলা সাদৰি।
বোলে আতে বান্ধি আছো পাঞ্চ কাণ্ডণ কড়ি॥২০৭১
দক্ষিণা কৰিয়া আৰো ব্ৰাহ্মণক দিবা।
তাত পাচে ভকতক অঞ্জলি কৰিবা॥
মাধৱে বোলন্ত নাৰায়ণ শুনিয়োক।
আৰো যদি কড়ি আছে দিয়া তুমি মোক॥২৭৭২
এহি বুলি মাধৱে আগত টকা দিলা।
নাৰায়ণে তেখনে কড়িক গণি দিলা॥
বোলে লগাইবোহো আক শুদ্ধিৰ কাৰ্য্যত।
আৰো পাণ তাম্বুলক দিলন্ত আগত॥২৭৭৩
হেন দেখি মাধৱৰ হৰষিত মন।
পৰিল মনত পাচে গুৰুৰ বচন॥
পৰম কৃপালু কিনো গুৰু মহাশান্ত।
গণি পঢ়ি মোত যেন কথা কহিলন্ত ॥২৭৭৪
বোলে অনুমানে জানো আছে তান কড়ি।
হেন কথা কৈলা মোত গুৰুদেৰ হৰি॥
গুৰু উপদেশে পাইলো সুহৃদ বান্ধৱ।
এহি বুলি খেদ আতি কৰন্ত মাধৱ ॥২৭৭৫
অনন্তৰে বোলে নাৰায়ণ শুনিয়োক।
গৃহক বাহ্ন্তে তুমি মাতি যাইবা মোক॥