পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৮
 
গুৰু-চৰিত

ঘৃত শালি তণ্ডুলক প্ৰতি দিনে দেন্ত।
চৌকীয়া মাজীয়ো সেৱ নিতান্ত কৰন্ত॥
মাধৱক চৌকীয়া মাজীৰ গৃহে থৈলা।
নাও মেলি বুলুঢ়ীইতে ভটিয়াই গৈলা॥২৪৯১
কতো বেলি ছপৰাৰ ঘাটক পাইলন্ত।
কিবা গ্ৰাম বুলিয়া লোকক পুছিলন্ত॥
লোকে বোলে চৰ্পটেশ্বৰ গ্ৰামক বোলয়।
আছে এক মূৰ্ত্তি আত শিৱৰ আলয়॥২৪৯২
শিৱলিঙ্গ দেখিয়া সবেও কৰে মান।
ৰোলন্ত শঙ্কৰে থাকিবাৰ নোহে থান॥
পৰম লুভীয়া শিৱ দিনে লাগে পুজা।
আমাসাক পাইয়া নযাইবেক এক প্ৰজা॥২৪৯৩
নপাইবেক পূজা একো নুহিবে মৰ্য্যাদা।
শিৱ সমে দ্বন্দ্ব লাগি থাকিবে সৰ্ব্বাদা॥
এহি বুলি তৈৰপৰা উজাই আসিলা।
গয়াজান এৰাই বৰপেটা বিল পাইলা॥২৪৯৪
পৰম শোভন বিল দেখিতে বহল।
পক্ষীসব চৰিয়া কৰয় কুতুহল॥
মৎস্য কচ্ছপ লতা পতা আছয় বিস্তৰ।
থাকিবে হৰিষ মন ভৈলা শঙ্কৰৰ॥২৪৯৫
আছে চুণপৰা বৃক্ষউচ্ছিত ভাঙ্গৰ।
পৰম শোভন বৃক্ষ দেখি ধৌতাকাৰ॥